আমাৰ চিনাকি
তৰুণ অসম সংঘ তেজপুৰ চহৰৰ এক অগ্ৰণী সামাজিক অনুষ্ঠান ৷ কুৰি শতিকাৰ আগডোখৰত তেজপুৰ চহৰত যিকেইটা সামাজিক , সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানে সমাজত বৌদ্ধিক চেতনা জাগৰণৰ সূচনা কৰিছিল , সেইবোৰৰ মাজত বাণ থিয়েটাৰ (১৯০৬) , অসমীয়া ক্লাব (১৯১৫) , কামৰূপীয় সনাতন ধৰ্মমণ্ডলী (১৯১৫)আৰু তৰুণ অসম সংঘ (১৯৩০) অন্যতম ৷ সেই কালৰ নেতৃস্থানীয় ব্যক্তিসকলৰ দূৰদৰ্শিতাৰ ফলস্বৰূপে এই অনুষ্ঠানসমূহে গঢ় লৈ উঠিছিল আৰু আজিও সেইবোৰে গৌৰৱোজ্জ্বল তেজপুৰৰ সামাজিক আৰু সাংস্কৃতিক ইতিহাসৰ স্বাক্ষৰ বহন কৰি আছে ৷
সংঘৰ প্ৰতীক
দেশৰ আৰু জাতিৰ উন্নতি আৰু প্ৰগতিৰ হকে, শান্তি আৰু সম্প্ৰীতিৰ অৰ্থে ৷ দ্বেষ-বিদ্বেষ আৰু দুৰ্নীতি- ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ আকাশ পাতাল ধ্বনিত নিনাদিত কৰি ওলাই অহা এটা পাহোৱাল অসমীয়া তৰুণৰ সমদল আৰু তাৰেই মূৰ্ত প্ৰকাশ ৷
উদ্দেশ্য আৰু লক্ষ্য
(১) সামুহিক প্ৰচেষ্টাযোগে বন্ধুত্ব, ভ্ৰাতৃত্ব আৰু ঐক্যৰ আদৰ্শ গঠন।
(২) মানবীয় গুণবোৰৰ বিকাশ সাধনাৰ্থে উপযুক্ত পৰিৱেশৰ সৃষ্টিকৰণ।
(৩) অসমীয়া কলা-কৃষ্টিৰ উন্নতি সাধন।
(৪) খেল-ধেমালিৰ জৰিয়তে শাৰীৰিক আৰু মানসিক উন্নতি।
(৫) যুৱক-যুৱতীৰ মাজত অৰ্থনৈতিক সচেতনতা বৃদ্ধি।
(৬) কোনো ৰাজনৈতিক মতবাদৰ লগত জড়িত নাথাকি ৰাষ্ট্ৰীয় উন্নতি সাধন ৷
সংঘৰ পতাকা
মাখন বৰণীয়া, দৈৰ্ঘ্য ৪' ৬" আৰু প্ৰস্থ ৩' । মাজত নীলা ৰঙৰ প্ৰতীক।
প্ৰতিষ্ঠা দিৱস
প্ৰতি বছৰে ২২ মে’ তাৰিখে সংঘৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷
সংঘৰ গীত
তৰুণ অসম সংঘ তৰুণ অসম সংঘ তৰুণ অসম অ’ তৰুণ অসম সমাজ সেৱাৰ থলী নামে কামে অনুপম ৷৷
কুৰি শতিকাৰ তৃতীয় দশকত লভিলে জনম কোনো শুভ লগনত চিন্তা নায়কৰ কোনো পুণ্য কৰম তৰুণ অসম অ’ তৰুণ অসম ৷
স্বদেশ প্ৰেমকে মাথো কৰি মূলধন ক্ৰীড়াৰে সহিতে কৰি কৃষ্টিৰ সাধন আৰু যত লক্ষ্যৰ বগাই সোপান ভৱিষ্যতলৈ হওঁ আগুৱান প্ৰাণত আমাৰ চিৰ চেনেহী অসম ৷৷
অসম মৰিলে আমিও মৰিম মহামন্ত্ৰ সাৰথি কৰি লৈ সমাজ সেৱাত সপি দেহ মন প্ৰাণ সমদলে যাওঁ আগলৈ আমিও নমৰোঁ আৰু নমৰে অসম ৷৷
প্ৰতিষ্ঠাপক
তৰুণ অসম সংঘ প্ৰতিষ্ঠা কৰাত প্ৰধান ভূমিকা লৈছিল প্ৰয়াত লক্ষীধৰ শৰ্মাই (১৮৯৮—১৯৩৪) ৷ তেখেত আছিল একাধাৰে স্বাধীনতা সংগ্ৰামী , সমাজ-সংস্কাৰক আৰু সাম্যবাদী লেখক ৷ অসাধাৰণ ব্যক্তিত্ব , বৰ্ণময় প্ৰতিভা , প্ৰবল দেশাত্মবোধ আৰু প্ৰখৰ সামাজিক চেতনাৰে উদ্বুদ্ধ এইগৰাকী কৃতসংকল্প পুৰুষে সেই সময়ৰ আৰ্থ-সামাজিক পটভূমিত বিশেষকৈ এক সমাজ-সেৱা অনুষ্ঠানৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি কেইজনমান সমাজহিতৈষী পুৰুষৰ সহযোগত তৰুণ অসম সংঘ প্ৰতিষ্ঠা কৰে ৷ দেশপ্ৰাণ লক্ষীধৰ শৰ্মাই “ অসম মৰিলে আমিও মৰিম “ এই মহামন্ত্ৰৰে সংঘৰ সভ্য সকলক উদ্বুদ্ধ কৰে ৷
কাৰ্য্যনিৰ্বাহক সমিতি (প্ৰধান)
(১) মুখ্য উপদেষ্টা
(২) দুজন উপদেষ্টা
(৩) সভাপতি
(৪) দুজন উপ সভাপতি
(৫) সাধাৰণ সম্পাদক
(৬) দুজন যুটীয়া সম্পাদক
(৭) খেল সম্পাদক
(৮) কৃষ্টি সম্পাদক
(৯) ক্লাব সম্পাদক
(১০) সমাজ সেৱা সম্পাদক
(১১) পুথি ভঁৰাল সম্পাদক
(১২) কোষাধ্যক্ষ
(১৩) ১১ জন সাধাৰণ সদস্য।
সংঘৰ প্ৰাৰম্ভিক প্ৰতিষ্ঠাপক সদস্যসকল
সংঘৰ জন্মলগ্নৰ পৰা যিসকল তৰুণ জড়িত হৈ আছিল সেই প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত বাইসিং দাস , কিৰণ দাস , প্ৰমোদ দাস , চালেহ আহমেদ , যামিনী দাস , প্ৰবোধ দাস , বিদ্যা তেৱাৰী , দেৱ বৰুৱা , পূৰ্ণনাৰায়ণ সিংহ , দুৰ্গেশ্বৰ গোস্বামী , অজয় মেচ , বৈদ্যনাথ ত্ৰিপাঠী , জনসিং দাস , দ্বিজেন চলিহা , ভদ্ৰসিং দাস , নগেন বৰুৱা , জব্বৰ , বাখৰ আলী , দীপ্তি আগৰৱালা , হৰকুমাৰ শইকীয়া , কৃষ্ণ দাস , ফণী দাস , নগেন ভট্টাচাৰ্য্য , কাৰ্তিক প্ৰসাদ তেৱাৰী , খান চাহেব আদিৰ নাম উল্লেখযোগ্য ৷
এলেকা
তেজপুৰ বিধান সভা সমষ্টি
পঞ্জীয়ন - অসম চৰকাৰৰ পঞ্জীয়নভুক্ত ৷
পঞ্জীয়ন নং - ৩২৯/১৯৭৮-৭৯ ৷
২০১৪ চনত পঞ্জীয়ন নবীকৰণৰ পাছত একেই নম্বৰ আছে ৷
উল্লেখনীয় ঘটনা সমূহ
সম্পূৰ্ণ বিৱৰণৰ বাবে তলৰ বুটাম ক্লিক কৰক
সমাজ সেৱা
২০০৬ চনত বিশ্ব পাৰিপাৰ্শ্বিক দিৱসত বৃক্ষৰোপন, ২০০৭ চনত মেধাবী ছাত্ৰ হিমাঙ্কু বৈশ্যক সাহায্য, ২০০৮ চনত পিতৃমাতৃহীন ছোৱালীক সাহায্য, ২০০৯ চনত নবপ্ৰভাত অনাথ আশ্ৰমলৈ সাহায্য, ২০১১ চনত জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য শিবিৰ, ২০১২ চনত চকুৰ ৰোগীৰ বিনামূলীয়া চিকিৎসা, ২০১৫ চনত NRC প্ৰপত্ৰ পূৰণত সহায়...
আৰু পঢ়ক
ক্ৰীড়া
২০০৭ চনৰ পৰা নিয়মীয়া দবা, বেডমিণ্টন, ভলীবল প্ৰতিযোগিতা। ২০১৮ চনত সদৌ অসম ভিত্তিক নৈশ ভলীবল। ২০১৯, ২০২০ চনতো ভলীবল। ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ, যুৱকসকলৰ মাজত খেলৰ প্ৰসাৰ। খেলুৱৈ সন্মান, আন্তঃবিদ্যালয় প্ৰতিযোগিতা...
আৰু পঢ়ক
কৃষ্টি-সংস্কৃতি
দেশপ্ৰাণ জন্মজয়ন্তী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা শতবাৰ্ষিকী, ড° ভূপেন হাজৰিকা স্মৃতিচাৰণ, লক্ষ্মীনাথ বেজবৰুৱা গীত প্ৰতিযোগিতা, ‘আলচ’ শীৰ্ষক বক্তৃতা অনুষ্ঠান, কবি সন্মিলন, চিত্ৰাংকন, ড° ভুৱনেশ্বৰ চহৰীয়া ৰচিত সংঘৰ গীত বাণীবদ্ধকৰণ...
আৰু পঢ়ক
গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী
২০০৭ চনৰ পৰা প্ৰায় প্ৰতিবছৰে গ্ৰন্থমেলা, কুইজ, প্ৰদৰ্শনী। ২০১২ চনত গ্ৰামোফোন ৰেকৰ্ড প্ৰদৰ্শনী, ২০১৪ চনত কাৰ্টুন প্ৰদৰ্শনী, আলোকচিত্ৰ প্ৰদৰ্শনী। ২০১৭ চনত ছদিনীয়া গ্ৰন্থ উৎসৱ। ২০২৩ চনত ডিজিটেল গ্ৰন্থমেলা...
আৰু পঢ়ক
সংঘৰ গৃহ নিৰ্মাণ
২০০৯ চনত প্ৰথম মহলাৰ নিৰ্মাণ আৰম্ভ। অইল ইণ্ডিয়া, সাংসদ পুঁজি, বিধায়ক পুঁজি, আৰু ব্যক্তিগত দানৰ সহায়ত ২০১৬ চনত সম্পূৰ্ণ। দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ স্মৃতিত বাটচৰা নিৰ্মাণ ২০০৯ চনত। সম্প্ৰতি দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণৰ পৰিকল্পনা...
চিত্ৰশালা

১৯৪৩ চন (বিহুমেলা)

১৯৪৭ চন (ক্ৰিকেট দল)

স্বৰ্গীয় প্ৰতাপ চন্দ্ৰ বৰুৱা

পুৰণি গৃহ

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ শতবাৰ্ষিকী (২০০৩)

শান্তি সমদল (২০০৪)

হীৰক জয়ন্তী (২০০৫)

বাৰ্ষিক সভা (২০২৩)
সদস্য
কাৰ্য্যকৰী সমিতি (২০২৫)
প্ৰদীপ ভট্টাচাৰ্য্য
শৈলজা পদ্মাপতি
মহেন্দ্ৰ নাথ কেওঁট
ভুবনেশ্বৰ চহৰীয়া
জিতেন বৰঠাকুৰ
অঞ্জন দত্ত
মোহন ভূঞা
মৃদুল শৰ্মা
প্ৰণৱ কটকী
বিপুল দাস
নৰেন শইকীয়া
নবীন লহকৰ
অভিজিত বৰুৱা
আব্দুল মুন্নাফ
দুলু হুছেইন
কৌটিল্য শৰ্মা
জিতেন বৰা
প্ৰেমানন্দ শৰ্মা
প্ৰদীপ বৰঠাকুৰ
ৰাজ মহন্ত
বাবুল ভাৱাল
স্বপ্নালী কাকতী
পুষ্পা ডেকা
ভূপেন শইকীয়া
মৃদুল শইকীয়া
সুৰজিত বৰা
তৰুণ অসম সংঘৰ অনান্য সদস্যসকল (২০২৩)
যোগাযোগ
তলৰ ঠিকনা বা ফোনত আমাৰ লগত যোগাযোগ কৰক।
তৰুণ অসম সংঘ, তেজপুৰ
মনিন্দ্ৰ চন্দ্ৰ গাঙ্গুলী পথ, তেজপুৰ - ৭৮৪০০১
Tarun Asom Sangha, Tezpur
Manindra Chandra Ganguli Path
Tezpur - 784001
mohanbhuyan2016@gmail.com
+91 94350 82688
+91 3712 313121













