গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী

📖
গ্ৰন্থমেলা
🎨
কাৰ্টুন
📀
গ্ৰামোফোন
📷
আলোকচিত্ৰ
🏗️
গৃহ নিৰ্মাণ

২০০৭ চনৰ পৰা সংঘৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীসমূহ

২০০৭

প্ৰথম গ্ৰন্থমেলা

চাৰিদিনীয়া গ্ৰন্থমেলা তথ্যচিত্ৰ প্ৰদৰ্শনী কুইজ প্ৰতিযোগিতা

অন্বেষাৰ সহযোগত সংঘৰ প্ৰাংগনত অনুষ্ঠিত চাৰিদিনীয়া গ্ৰন্থমেলাৰ ৰভাতলত শ্ৰী প্ৰদীপ ভট্টাচাৰ্যৰ উদ্যোগত পাৰিপাৰ্শ্বিকতা তথা সম্প্ৰতি বিশ্বৰ সৰ্বত্ৰ আলোড়ন সৃষ্টি কৰা Global Warmingৰ ওপৰত আমেৰিকাৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি তথা নোবেল শান্তি বঁটা বিজয়ী এল গ’ৰৰ দ্বাৰা নিৰ্মিত "The Inconvenient Truth" নামৰ এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়।

লগতে স্কুলীয়া ছাত্ৰছাত্ৰীসকলৰ বাবে "অসমীয়া সাহিত্য আৰু সংস্কৃতি" বিষয়ক এখনি কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়।

২০০৮

গ্ৰন্থমেলা

গ্ৰন্থমেলা পৰিবেশ কুইজ

অনুষ্ঠিত গ্ৰন্থমেলাত "পৰিবেশ সংৰক্ষণ" বিষয়ক এখনি প্ৰাইজমানি কুইজ প্ৰতিযোগিতা অনুুষ্ঠিত কৰা হয়।

২০০৯

চাৰিদিনীয়া গ্ৰন্থমেলা

এপ্ৰিল মাহ

২০০৯ চনৰ এপ্ৰিল মাহত এখন চাৰিদিনীয়া গ্ৰন্থমেলা অনুষ্ঠিত হয়।

২০১১

পাঁচদিনীয়া গ্ৰন্থমেলা

প্ৰবাহ গ্ৰন্থগোষ্ঠী ৰচনা প্ৰতিযোগিতা

গুৱাহাটীৰ 'প্ৰবাহ' নামৰ গ্ৰন্থগোষ্ঠীৰ সহযোগত এখন পাঁচদিনীয়া গ্ৰন্থমেলা অনুষ্ঠিত হয়।

ৰচনা আৰু বক্তৃতা প্ৰতিযোগিতা

একে চনতে দুদিনীয়া কাৰ্য্যসূচীৰে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলৰ মাজত ৰচনা লিখা আৰু বক্তৃতাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিষয় আছিল ড° ভূপেন হাজৰিকাৰ লিখনিত মানৱতাবাদ আৰু বিশ্বজনীনতা

২০১২

সাতদিনীয়া গ্ৰন্থমেলা

প্ৰবাহ গ্ৰন্থগোষ্ঠী গ্ৰামোফোন ৰেকৰ্ড প্ৰদৰ্শনী

'প্ৰবাহ' গ্ৰন্থগোষ্ঠীৰ সহযোগত সাতদিনীয়া এখন গ্ৰন্থমেলাৰ আয়োজন কৰা হয়।

গ্ৰামোফোন ৰেকৰ্ড প্ৰদৰ্শনী

এই গ্ৰন্থমেলাৰ লগতে মৰাণৰ শ্ৰী উমানন্দ দুৱৰাৰ ব্যক্তিগত সংগ্ৰহালয়ৰ সমলেৰে গ্ৰামোফোন ৰেকৰ্ডত পুৰণি অসমীয়া গীত-মাতৰ এখন প্ৰদৰ্শনীও পতা হয়।

এই প্ৰদৰ্শনীত গ্ৰামোফোন যন্ত্ৰৰ ক্ৰমবিকাশৰ বিভিন্ন পৰ্য্যায় প্ৰদৰ্শিত হৈছিল। ১৯২৪ চনৰে পৰা গীত, নাটক তথা জয়মতীকে ধৰি পুৰণি অসমীয়া কথাছবিৰ বাণীবদ্ধ সংলাপ শুনিবলৈ পোৱা গৈছিল।

২০১৪

কাৰ্টুন প্ৰদৰ্শনী

ব্যঙ্গচিত্ৰ প্ৰদৰ্শনী ক্ষীৰধৰ বৰুৱা

শোণিতপুৰ প্ৰেছ ক্লাৱ আৰু সংঘৰ যৌথ উদ্যোগত নিতুপৰ্ণ ৰাজবংশীৰ 'নেওঠনী' নামৰ এখনি একক ব্যঙ্গচিত্ৰৰ দুদিনীয়া প্ৰদৰ্শনী অনুষ্ঠিত হয়।

ইয়াৰ লগত সংগতি ৰাখি প্ৰদৰ্শনীৰ প্ৰথমদিনা বিজ্ঞানী, লিখক আৰু কাৰ্টুন শিল্পী ক্ষীৰধৰ বৰুৱাই 'কাৰ্টুন আৰু জনমানসত ইয়াৰ প্ৰভাৱ' শীৰ্ষক বক্তৃতা প্ৰদান কৰে।

প্ৰদৰ্শনীৰ দ্বিতীয় দিনা কাৰ্টুন শিল্পী ৰাজবংশীয়ে তেজপুৰৰ উদীয়মান কাৰ্টুন শিল্পীসকলক দিনজোৰা প্ৰশিক্ষণ দি ভৱিষ্যতে একোজন কাৰ্টুন শিল্পী হবলৈ উদ্‌গনি দিয়ে।

জানুৱাৰী: তিনিদিনীয়া গ্ৰন্থমেলা

অন্বেষা গোষ্ঠী কুইজ প্ৰতিযোগিতা

জানুৱাৰী মাহত 'অন্বেষা' গোষ্ঠীৰ সৌজন্যত এখনি তিনিদিনীয়া গ্ৰন্থমেলা আয়োজিত হয়। লগতে উচ্চতৰ মাধ্যমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ দুজনীয়া দলীয় ভিত্তিত এখন প্ৰাইজমানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

আলোকচিত্ৰ প্ৰদৰ্শনী

ফটোগ্ৰাফী প্ৰদৰ্শনী

সংঘৰ সহযোগত তেজপুৰ ফটোগ্ৰাফী ক্লাৱে আলোকচিত্ৰৰ এখন দুদিনীয়া প্ৰদৰ্শনী পাতে।

২০১৭

ছদিনীয়া গ্ৰন্থ উৎসৱ

গ্ৰন্থ উৎসৱ ড° কন্দৰ্প কুমাৰ ডেকা শ্ৰী ৰঞ্জিত কুমাৰ দেৱ গোস্বামী

২০১৭ চনত এখন ছদিনীয়া গ্ৰন্থ উৎসৱ সংঘই অনুষ্ঠিত কৰে। এই মেলাত বহুভাষী কবি সন্মিলন, কবিতা আবৃত্তি, চিত্ৰাঙ্কন প্ৰতিযোগিতা, অন্তৰঙ্গ আলাপ, সাংস্কৃতিক সন্ধিয়া আদি সন্নিবিষ্ট কৰা হয়।

গ্ৰন্থ উৎসৱ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° কন্দৰ্প কুমাৰ ডেকাই

তেজপুৰ বিশ্ববিদ্যালয়ৰ পূৰ্বৰ শ্ৰীমন্ত শংকৰদেৱ অধ্যাপক শ্ৰী ৰঞ্জিত কুমাৰ দেৱ গোস্বামীয়ে 'অসমীয়া গ্ৰন্থৰ ইতিহাস' বিষয়ক এক বক্তৃতা প্ৰদান কৰে।

সংঘৰ গৃহ নিৰ্মাণ

২০০৯ চনৰ পৰা ২০১৬ চনলৈ এক দীৰ্ঘমেয়াদী প্ৰকল্প

২০০৯

নিৰ্মাণ কাৰ্য্যৰ আৰম্ভণি

বাৰ্ষিক সাধাৰণ সভাৰ প্ৰস্তাব মৰ্মে ২০০৯ চনত সংঘৰ প্ৰথম মহলাৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা হয়। ইঞ্জিনিয়াৰ শ্ৰী ভৰত ডেকাই কোনো পাৰিতোষিক নোলোৱাকৈয়ে প্ৰথম মহলাৰ নক্সা আৰু খৰচৰ হিচাপ প্ৰস্তুত কৰি উলিয়ায়।

দাতা সংস্থা আৰু ব্যক্তি

অইল ইণ্ডিয়া লিমিটেড ১,০০,০০০ টকা
ভাৰতীয় চাহ সন্থা (সোণাবিল) ২৫,০০০ টকা
সিং ষ্টীল ৱৰ্কচ ২০ বেগ চিমেণ্ট
নিজন বিস্কুট ফেক্টৰী ১১,০০০ টকা
শ্ৰী সুনীল চাৰাফ ২,০০০ টকাৰ শিল
শ্ৰী সুমেৰ ডুগৰ ১১,০০০ টকা
ৰাজ ইলেকট্রিক এণ্ড ট্ৰেডিং ১০ বেগ চিমেণ্ট

সাংসদ আৰু বিধায়ক পুঁজি

সাংসদ শ্ৰী ৰাম প্ৰসাদ শৰ্মা ৩,২৪,০০০ টকা
বিধায়ক শ্ৰী ৰাজেন বৰঠাকুৰ ১,৫০,০০০ টকা
ৰাজ্যসভাৰ সাংসদ শ্ৰী অৰুণ শৰ্মা ৫০,০০০ টকা

এই অনুদানৰ বাবে ২০১৬ চনত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠে।

দেশপ্ৰাণ লক্ষীধৰ শৰ্মা বাটচৰা নিৰ্মাণ

২০০৮

২০০৮ চনৰ সাধাৰণ সভাত দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ পুণ্য স্মৃতিত সংঘৰ মুখত এটা বাটচৰা নিৰ্মাণৰ প্ৰস্তাৱ গৃহীত হয়।

দেশপ্ৰাণৰ ভতিজাক ডাঃ অতুলচন্দ্ৰ বৰুৱাই তেখেতসকলৰ পৰিয়ালৰ তৰফৰ পৰা সামৰ্থ্য অনুযায়ী ধনৰ যোগান দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

২০০৯

সংঘৰ সদস্য শ্ৰী ঋতুবৰণ শৰ্মাই এই বাটচৰাৰ নক্সা প্ৰস্তুত কৰে।

নিৰ্মাণৰ মুঠ খৰচ ৭৭,৪৮৮ টকা

  • গিৰিশ শৰ্মা বৰুৱাৰ পৰিয়াল ৩৩,০০০ টকা (ডাঃ বৰুৱাৰ জৰিয়তে)
  • ভাৰতীয় চাহ সন্থা ২৫,০০০ টকা
২২ নৱেম্বৰ ২০০৯: উদ্বোধন

সংঘৰ প্ৰতিষ্ঠাপক প্ৰবীণ সদস্য তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাতৃ শ্ৰী হৃদয়ানন্দ আগৰৱালাই এই বাটচৰাৰ শুভ উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানত কেন্দুগুৰীৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যাপক, সুলেখক ড° অপূৰ্ব বৰাই দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ কৰ্ম আৰু আদৰ্শৰ বিষয়ে বক্তৃতা প্ৰদান কৰে।