কৃষ্টি সংস্কৃতি

প্ৰতিযোগিতা · নাটক · বিশেষ দিৱস উদযাপন · আলচ · বক্তৃতা · চিন্তা-চৰ্চা

২০০৭ চনৰ পৰা অসমীয়া কৃষ্টি-সংস্কৃতিৰ চৰ্চা
📖
সাহিত্য
🎭
নাটক
🎵
সংগীত
🖼️
চিত্ৰকলা
🗣️
আলোচনা

বিগত বছৰবোৰত তৰুণ অসম সংঘৰ কৃষ্টি-সংস্কৃতিৰ অৱদান

২০০৭

দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ জন্ম দিৱস

স্মৃতিচাৰণ ড° সুৰেশ কুমাৰ আৰ্য্য

উদ্‌যাপিত দেশপ্ৰাণ লক্ষীধৰ শৰ্মাৰ জন্ম দিৱসত দেশপ্ৰাণৰ সাহিত্যৰ গৱেষক অধ্যাপক ড° সুৰেশ কুমাৰ আৰ্য্যই নিৰ্দিষ্ট বক্তা হিচাবে ভাষণ প্ৰদান কৰে।

২০০৮

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ শতবাৰ্ষিকী

শতবাৰ্ষিকী শ্ৰী পৰমানন্দ মজুমদাৰ শ্ৰী উপেন্দ্ৰ বৰকটকী

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ শতবাৰ্ষিকীৰ লগত ৰজিতা খুৱাই এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মৌলিক প্ৰৱন্ধকাৰ আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সাহিত্য তথা দৰ্শনৰ বিষয়ে চৰ্চা ৰখা শ্ৰী পৰমানন্দ মজুমদাৰ আৰু সাহিত্য সভাৰ লগত প্ৰত্যক্ষভাবে জড়িত শ্ৰী উপেন্দ্ৰ বৰকটকীয়ে বক্তৃতা প্ৰদান কৰে।

২০১০

শিশু আৰু কিশোৰৰ মানসিক সমস্যা

চেমিনাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানটোৰ সহযোগত অনুষ্ঠিত "শিশু আৰু কিশোৰৰ মানসিক সমস্যা" শীৰ্ষক চেমিনাৰখনত অভিজ্ঞ চিকিৎসক আৰু মনোৰোগ বিশেষজ্ঞৰ লগত স্থানীয় অভিভাৱক সকলে প্ৰশ্নোত্তৰ শিতানত সক্ৰিয় অংশগ্ৰহণ কৰে।

কিতাপ পঢ়াৰ আনন্দ

ড° দীনেশ চন্দ্ৰ গোস্বামী

একে বছৰতে "কিতাপ পঢ়াৰ আনন্দ" শীৰ্ষক এটা বক্তৃতাৰ অনুষ্ঠানত অসমৰ এজন লব্ধপ্ৰতিষ্ঠ বিজ্ঞান লেখক ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে এক সাৰুৱা বক্তৃতা প্ৰদান কৰে।

২০১৪

ড° ভূপেন হাজৰিকাৰ স্মৃতিচাৰণ

স্মৃতিচাৰণ ৰাণু হাজৰিকা

পদ্মবিভূষণ ড° ভূপেন হাজৰিকাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানত তেজপুৰ লেখিকা সমাৰোহৰ সভানেত্ৰী সুলেখিকা ৰাণু হাজৰিকাই ড° ভূপেন হাজৰিকাৰ গীতৰ ৰচনা শৈলী, বিষয় বস্তুৰ বিভিন্নতা, সুৰাৰোপন আদি দিশত আলোকপাত কৰাৰ লগতে তেখেতে গীতৰ জৰিয়তে প্ৰকাশ কৰা মানৱতাবাদৱ বিশ্বজনীন চিন্তাধাৰাৰ ওপৰত এক সাৰুৱা বক্তৃতা প্ৰদান কৰে।

২০১৫

লক্ষীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী

গীত প্ৰতিযোগিতা প্ৰাইজমানি

সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষ্যে সদৌ অসম ভিত্তিত বেজবৰুৱা ৰচিত গীতৰ এক প্ৰাইজমানি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

অনুষ্ঠানৰ শেষত বিশেষজ্ঞ বিচাৰক শ্ৰী লোকনাথ গোস্বামীয়ে বেজবৰুৱাৰ বিভিন্ন গীত আৰু ইয়াৰ সুৰসমূহৰ ঐতিহাসিক প্ৰেক্ষাপট দাঙি ধৰে। লগতে ড° ৰঞ্জন বেজবৰুৱাই কেইবাটাও গীত সংস্কৃতত পৰিবেশন কৰে।

বিশেষ সম্বৰ্দ্ধনা

এই অনুষ্ঠানতে সংঘৰ ফালৰ পৰা

  • নটসূৰ্য্য বঁটা শ্ৰী ভোলানাথ কলিতা
  • বিষ্ণু ৰাভা বঁটা শ্ৰীমতী কৃষ্ণা দাস নাথ
  • নটসূৰ্য্য বঁটা শ্ৰী উদয় শংকৰ শইকীয়া

আনুষ্ঠানিক সম্বৰ্দ্ধনা জনোৱা হয়।

২০১৬

পৰ্য্যটকৰ লক্ষ্যস্থান হিচাবে তেজপুৰ

আলোচনা চক্ৰ শ্ৰী কনক চন্দ্ৰ শৰ্মা

সংঘই 'পৰ্য্যটকৰ লক্ষ্যস্থান হিচাবে তেজপুৰ: পশ্চাৎ অৱলোকন আৰু প্ৰত্যাশা' শীৰ্ষক এখনি আলোচনা চক্ৰৰ আয়োজন কৰে। আলোচনা চক্ৰৰ মূল বক্তা আছিল লেখক, প্ৰত্নতত্ত্বৰ গৱেষক, প্ৰাক্তন উপায়ুক্ত শ্ৰী কনক চন্দ্ৰ শৰ্মা। ডুবাইত বাস কৰা শ্ৰীমতী পাপৰি হাজৰিকাৰ লেখনি প্ৰজেক্টৰৰ সহায়ত পাঠ কৰা হৈছিল।

আলোচনা চক্ৰত গ্ৰহণ কৰা প্ৰস্তাৱসমূহৰ ভিত্তিত সংঘই জিলা উপায়ুক্ত, সাংসদ শ্ৰী ৰামপ্ৰসাদ শৰ্মা আৰু স্থানীয় বিধায়ক শ্ৰী বৃন্দাবন গোস্বামীক স্মাৰক পত্ৰ প্ৰদান কৰে। অসম চৰকাৰৰ পৰ্য্যটন মন্ত্ৰী আৰু পৰ্য্যটন সচিবলৈকো এই স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

বাজেটৰ বাবে প্ৰস্তাৱ

২০১৬ চনত অসম চৰকাৰৰ বিত্ত মন্ত্ৰীয়ে আগন্তুক বাজেটত অন্তৰ্ভুক্তিৰ বিচাৰ বিবেচনাৰ বাবে ৰাজহুৱা অনুষ্ঠান আদিৰ পৰা প্ৰস্তাৱ আদি বিচাৰি দিয়া বিজ্ঞাপনৰ সঁহাৰি দি সংঘই অতিৰিক্ত তিনিটা প্ৰস্তাৱেৰে ই-মেইল যোগে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

আলচ

এক নতুন অনুষ্ঠান · চিন্তা-চৰ্চাৰ বেদী

২০১৭ · আলচৰ আৰম্ভণি

২০১৭ চনত সংঘত 'আলচ' নামেৰে এক নতুন অনুষ্ঠানৰ জন্ম হয়। 'আলচ' ৰ মুখ্য উদ্দেশ্য হ'ল মাজে মাজে সদস্যসকলে জাতীয় সমস্যা, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত চিন্তা-চৰ্চা কৰা। 'আলচ'লৈ শিল্পী, সাহিত্যিক, সাংবাদিককে সামৰি বিভিন্ন লোকক নিমন্ত্ৰণ কৰা হয়।

উল্লেখনীয় 'আলচ'ত হোৱা আলোচনাৰ আলম ধৰিয়েই তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ অধ্যাপক ড° দেবেন বৰুৱাৰ তত্ত্বাৱধানত মহাভৈৰৱ মন্দিৰৰ জাবৰ ফলপ্ৰসুভাবে নিষ্কাষণৰ ব্যৱস্থা মন্দিৰ কৰ্তৃপক্ষৰ সহযোগত সম্পন্ন হৈছে।

২০১৮ · গ্ৰন্থ প্ৰকাশ

'আলচ' অনুষ্ঠানৰ সিদ্ধান্ত অনুসৰি ২০১৮ চনত সংঘৰ সদস্য শ্ৰী মাধৱ চন্দ্ৰ দাসৰ 'তেজপুৰ: ইতিহাস, কিংবদন্তি, অতীত আৰু বৰ্তমান' নামৰ গ্ৰন্থখনৰ সম্পাদনা আৰু অধিক তথ্যৰ সংযোজন কৰি নতুনকৈ ছপা কৰা হয়।

গ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞানৰ অধ্যাপক ড° অপূৰ্ব কুমাৰ দাসে। একেলগতে "জলবায়ুৰ উষ্ণতা আৰু ইয়াৰ ভয়াবহতা" বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক ড° কৰুণা কুমাৰ বৰুৱাই

২০২০ · বেহেলা বাদন

৬ মাৰ্চত 'আলচ'ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° সত্যেন্দ্ৰনাথ চৌধুৰীয়ে বেহেলা বাদন কৰাৰ লগতে তেখেতৰ এটি শ্ৰাব্য দৃশ্য গীতৰো উন্মোচন কৰা হয়।

বিভিন্ন বিষয়

অসমৰ অৰ্থনীতি, জাতীয়তাবাদ, প্লাষ্টিক বৰ্জন, পাৰিপাৰ্শ্বিকতা, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ সমস্যা - আদি বহু বিষয়ত আলচ অনুষ্ঠিত হৈ আহিছে।

২০১৯

বিভিন্ন অনুষ্ঠান

মাৰ্চ: অসমৰ অৰ্থনীতি আৰু জাতীয়তাবাদ

শ্ৰী চন্দন শৰ্মা শ্ৰী মনোজ কুমাৰ বসুমতাৰী ড° অমিয় কুমাৰ শৰ্মা

'অসমৰ অৰ্থনীতি আৰু জাতীয়তাবাদ' শীৰ্ষক এখন চেমিনাৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞানৰ অধ্যাপক শ্ৰী চন্দন শৰ্মা, চিম্বায়টিক ফুড প্ৰাঃ লিঃ ৰ মুখ্য কাৰ্য্যবাহী বিষয়া আৰু প্ৰতিষ্ঠাপক শ্ৰী মনোজ কুমাৰ বসুমতাৰী আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ সঞ্চালক ড° অমিয় কুমাৰ শৰ্মাই আলোচক হিচাবে অংশগ্ৰহণ কৰে।

২২ মে': প্ৰতিষ্ঠা দিৱস

ড° মৌচুমী কন্দলি

সংঘৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দেশপ্ৰাণৰ সাহিত্য আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰা এক চিন্তা-গধুৰ বক্তৃতাৰ অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ অধ্যাপিকা ড° মৌচুমী কন্দলিয়ে এক সাৰগৰ্ভ ভাষণ প্ৰদান কৰে।

২ অক্টোবৰ: মহাত্মা গান্ধীৰ জন্ম দিন

ড° দেবেন বৰুৱা

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিন উপলক্ষ্যে অনুষ্ঠিত হোৱা এক বিশেষ সভাত তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ অধ্যাপক ড° দেবেন বৰুৱাই প্লাষ্টিক বৰ্জন আৰু অনুকুল পাৰিপাৰ্শ্বিকতা সৃষ্টি কৰা সম্পৰ্কে ভাষণ প্ৰদান কৰে।

১১ অক্টোবৰ: শ্ৰী সত্যেন্দ্ৰনাথ শৰ্মাদেৱক সম্বৰ্দ্ধনা

সংঘৰ বয়োজ্যেষ্ঠ সদস্য, মুখ্য উপদেষ্টা তথা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী সত্যেন্দ্ৰনাথ শৰ্মাদেৱক তেখেতৰ ৮৭ বছৰীয়া জন্মদিনত সম্বৰ্দ্ধনা জনোৱা হয়।

২০২০

স্বচ্ছ ভাৰত অভিযান

প্লাষ্টিক বৰ্জন

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিন ২ অক্টোবৰ তাৰিখে স্বচ্ছ ভাৰত অভিযানৰ বিষয় প্লাষ্টিক বৰ্জনৰ কাৰ্য্যসূচীৰ অংগ হিচাপে সংঘই নিজাববীয়াকৈ কিছু কাপোৰৰ বজাৰ কৰা মোনা বিতৰণ কৰে।

২০২১

সংঘৰ গীত

ড° ভুৱনেশ্বৰ চহৰীয়া ৰচিত

ড° ভুৱনেশ্বৰ চহৰীয়া ৰচিত তৰুণ অসম সংঘৰ শীৰ্ষক গীতটো প্ৰস্তুত আৰু বাণীবদ্ধ কৰি কাৰ্য্যকৰী সভাত পৰিবেশন কৰা হয়। সভাই ইয়াক অনুমোদন দি গ্ৰহণ কৰে।

২১ এপ্ৰিল: পদ্মনাথ গোহাঁঞি বৰুৱাৰ মৃত্যু তিথি

শ্ৰী ৰবীন্দ্ৰ নাথ শৰ্মা ড° ভূপেন শইকীয়া ড° ভুৱনেশ্বৰ চহৰীয়া

পদ্মনাথ গোহাঁঞি বৰুৱাৰ মৃত্যু তিথি পালন কৰা হয়। এই অনুষ্ঠানত সংঘৰ সভাপতি শ্ৰী ৰবীন্দ্ৰ নাথ শৰ্মাই 'পদ্মনাথ গোহঁঞি বৰুৱাৰ সম-সাময়িক অসমীয়া সমাজৰ ঐতিহাসিক প্ৰেক্ষাপট' আৰু তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াই 'তেজপুৰ পৌৰসভা আৰু পদ্মনাথ গোহাঁঞি বৰুৱা' শীৰ্ষক বক্তৃতা প্ৰদান কৰে। ড° ভুৱনেশ্বৰ চহৰীয়াই গোহাঁঞি বৰুৱাৰ নাটকৰ ওপৰত আলোকপাত কৰে।

২৪ এপ্ৰিল: বিশিষ্ট সংগীত শিল্পীসকলক শ্ৰদ্ধাঞ্জলি

তেজপুৰৰ চাৰিগৰাকী বিশিষ্ট সংগীত শিল্পী অজিত সিংহ, দিলীপ চৌধুৰী, জয়ন্ত বৰুৱা আৰু মীৰা দাসৰ গীত নতুন প্ৰজন্মৰ শিল্পীৰ দ্বাৰা পৰিবেশন কৰা হয়। তেওঁলোকৰ গীত আৰু সংগীত যাত্ৰাৰ ওপৰত আলোকপাত কৰে ড° ভূপেন শইকীয়াই

২০২২

শিল্পী দিৱস

জ্যোতি সংগীত প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা

১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়া কাৰ্য্যক্ৰমণিকাৰে শিল্পী দিৱস উপলক্ষ্যে জ্যোতি সংগীত প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

১৬ অক্টোবৰ: মাতৃভাষা মাধ্যমৰ বিদ্যালয়

ড° দীনেশ চন্দ্ৰ গোস্বামী ক্ষীৰধৰ বৰুৱা ড° অৱনী কুমাৰ ভাগৱতী ড° সুস্মিতা প্ৰিয়দৰ্শিনী

'অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহৰ সমস্যা আৰু সমাধান' শীৰ্ষক আলোচনা চক্ৰত বিশিষ্ট বিজ্ঞান লেখক ড° দীনেশ চন্দ্ৰ গোস্বামী, ক্ষীৰধৰ বৰুৱা, ড° অৱনী কুমাৰ ভাগৱতী আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা, লেখিকা ড° সুস্মিতা প্ৰিয়দৰ্শিনীয়ে ভাগ লয়। বক্তা কেইজনৰ ভাষণৰ ৰূপ কিতাপ আকাৰে সংঘই প্ৰকাশ কৰে।

প্ৰতিষ্ঠা দিৱস ২০২২

সংঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে দুদিনীয়া কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। ২১ মে' তাৰিখে সংঘৰ সদস্য চিত্ৰ ভাস্কৰ্য্য শিল্পী জ্ঞানেন্দ্ৰ নাথ বৰাৰ সৃষ্টিৰাজিৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। ২২ মে' তাৰিখে সদৌ অসম ভিত্তিত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত উপস্থিত থাকি মাননীয় সাংসদ শ্ৰী পল্লৱ লোচন দাসে সংঘক ১৫ লাখ টকাৰ এটা অনুদান দিব বুলি ঘোষণা কৰে।

২০২৩

প্ৰতিষ্ঠা দিৱস

আলোক চিত্ৰ প্ৰদৰ্শনী ড° চন্দন কুমাৰ শৰ্মা

সংঘৰ প্ৰতিষ্ঠা দিৱসত সংঘৰ সদস্য আব্দুল মুন্নাফৰ 'অসম আন্দোলন' ৰ এখনি আলোক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।

'লক্ষীধৰ শৰ্মাৰ জীৱনাদৰ্শ আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা' শীৰ্ষক প্ৰতিষ্ঠা দিৱসৰ মূল বক্তৃতা প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই

জ্যেষ্ঠ সদস্যক সম্বৰ্দ্ধনা

মূল সভাত সংঘৰ চাৰিজন জ্যেষ্ঠ সদস্য

  • শ্ৰী মহেন্দ্ৰ নাথ কেওট
  • শ্ৰী ভূপেন হাজৰিকা
  • শ্ৰী শৈলজানন্দ পদ্মাপতি
  • শ্ৰী প্ৰদীপ ভট্টাচাৰ্য্য

সম্বৰ্দ্ধনা জনোৱা হয়।