দবা, বেডমিণ্টন, ভলীবল আদি বিভিন্ন প্ৰতিযোগিতা আয়োজনৰ লগতে ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ, অনুদান আৰু ক্ৰীড়া সামগ্ৰী প্ৰদানৰ জৰিয়তে তৰুণ অসম সংঘই তেজপুৰৰ ক্ৰীড়া ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে।
ক্ৰীড়া সময়ৰেখা
প্ৰথম প্ৰাইজমানি দবা প্ৰতিযোগিতা
দবা
২০০৭ চনত সংঘই প্ৰথমবাৰৰ বাবে প্ৰাইজমানি দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতাই তেজপুৰৰ দবা খেলুৱৈসকলৰ মাজত এক নতুন উদ্দীপনাৰ সৃষ্টি কৰে।
দবা আৰু বেডমিণ্টন প্ৰতিযোগিতা
জিলাভিত্তিক দবা প্ৰতিযোগিতা
চিনিয়ৰ, জুনিয়ৰ আৰু মহিলা শাখাত জিলাভিত্তিক প্ৰাইজমানি দবা প্ৰতিযোগিতা অনুষ্ঠিত হয়। আগৰ বছৰৰ প্ৰাইজমানি সাতশ টকাৰ পৰা বঢ়াই তিনিহাজাৰ টকা কৰা হয়।
বেডমিণ্টন প্ৰতিযোগিতা
বেডমিণ্টন
পুৰুষ আৰু মহিলা শাখাত চিনিয়ৰ আৰু জুনিয়ৰ দলত বেডমিণ্টন প্ৰতিযোগিতা পতা হয়।
দবা প্ৰতিযোগিতা আৰু ভলীবল অনুদান
♟️ দবা 🏐 ভলীবল
২০১২ চনত পুনৰ প্ৰাইজমানি দবা খেল অনুষ্ঠিত হয়।
ৰেঙণী স্পৰ্টচ্ এচোচিয়েচনলৈ অনুদান
ৰেঙণী স্পৰ্টচ্ এচোচিয়েচনে আয়োজন কৰা ভলীবল প্ৰতিযোগিতাৰ বাবে সংঘৰপৰা সাহায্য বিচৰাত তেওঁলোকক ৫,০০০ টকাৰ সাহায্য দিয়া হয়।
টেনিচ প্ৰশিক্ষণ শিবিৰ
🎾 টেনিচ
সংঘৰ উদ্যোগত নগাঁৱৰ টেনিচ প্ৰশিক্ষক শ্ৰী চন্দন গোস্বামীৰ পৰিচালনাত শিশু আৰু কিশোৰৰ বাবে এটা পঁচিশ দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।
শিশু-কিশোৰসকলৰ মাজত টেনিচ ক্ৰীড়াৰ প্ৰসাৰ
প্ৰাইজমানি দবা প্ৰতিযোগিতা
♟️ দবা
২০১৭ চনৰ ডিছেম্বৰ মাহত পুনৰ প্ৰাইজমানি দবা খেলৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
সদৌ অসম নৈশ ভলীবল
🏐 ভলীবল নৈশ প্ৰতিযোগিতা
স্থানীয় হেম বৰুৱা ভৱন প্ৰাংগনত সংঘই এখন সদৌ অসম ভিত্তিত এদিনীয়া প্ৰাইজমানি নৈশ ভলীবল অনুষ্ঠিত কৰে।
হেম বৰুৱা ভৱন, তেজপুৰ
সদৌ অসম দিবা-নৈশ ভলীবল
🏐 ভলীবল দিবা-নৈশ
ক’ৰনা মহামাৰী আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ প’লফিল্ডত সদৌ অসম ভিত্তিত দিবা-নৈশ এদিনীয়া প্ৰাইজমানি ভলীবল অনুষ্ঠিত হয়।
বিশেষ অতিথি
এই প্ৰতিযোগিতাৰ উদ্বোধন কৰিবৰ বাবে এসময়ৰ লব্ধপ্ৰতিষ্ঠ ফুটবল তথা হকী খেলুৱৈ , অসম ৰাজ্যিক পৰিবহন বাছত অসমৰ জাতীয় চানেকি গড়ৰ ছবি অংকন কৰোতা , চিত্ৰকাৰ আৰু বহুমুখী প্ৰতিভাৰে উজ্জ্বলিত বৰ্ষীয়ান মঃ চৌকত আলিক নিমন্ত্ৰণ কৰি এখনি মানপত্ৰৰে তেখেতক আদৰণি জনোৱা হৈছিল ৷
দিবা-নৈশ ভলীবল প্ৰতিযোগিতা
🏐 ভলীবল
২০২০ চনৰ ৩০ নবেম্বৰ তাৰিখে হেম বৰুৱা হল প্ৰাংগনত দিবা-নৈশ এদিনীয়া প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়।
হেম বৰুৱা হল প্ৰাংগন, তেজপুৰ
এদিনীয়া প্ৰতিযোগিতা
দবা
বেডমিণ্টন
ভলীবল
টেনিচ
অনুদান আৰু সাহায্য
- ২০১২: ৰেঙণী স্পৰ্টচ্ এচোচিয়েচনলৈ ৫,০০০ টকা ভলীবল প্ৰতিযোগিতাৰ বাবে
প্ৰশিক্ষণ শিবিৰ
- ২০১৫: টেনিচ প্ৰশিক্ষণ - ২৫ দিন (শ্ৰী চন্দন গোস্বামী)
- শিশু আৰু কিশোৰৰ বাবে বিশেষ প্ৰশিক্ষণ