তৰুণ অসম সংঘই নিজৰ প্ৰতিষ্ঠা কালৰে পৰা সাহায্য, স্বাস্থ্য শিবিৰ, বৃক্ষৰোপণ, শিক্ষাৰ্থী সহায়, বান সাহায্য, ক’ভিড সেৱাকে ধৰি বিভিন্ন সমাজসেৱামূলক কাৰ্যসূচীৰ জৰিয়তে এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে।
বিগত বছৰবোৰত সংঘৰ সমাজ সেৱাৰ এক সংক্ষিপ্ত চিত্ৰ
বিশ্ব পাৰিপাৰ্শ্বিক দিৱস
গেৰেকী, পল'ফিল্ড, বামুণগাঁও, পৰোৱা, ভোমোৰাগুৰি
বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ লগত সংগতি ৰাখি গেৰেকী, পল'ফিল্ড, বামুণগাঁৱৰ শ্মশান, পৰোৱা আৰু ভোমোৰাগুৰি পঞ্চায়ত এলেকাত বৃক্ষৰোপনৰ বাবে আগ্ৰহী ৰাইজৰ মাজত গছৰ পুলি বিতৰণ কৰা হয়। লগতে বৃক্ষৰোপন কাৰ্য্য ফলপ্ৰসু কৰাৰ বাবে প্ৰচাৰ পত্ৰিকাও প্ৰকাশ কৰা হয়।
মেধাবী ছাত্ৰক সাহায্য
তেজপুৰৰ এজন মেধাবী ছাত্ৰ শ্ৰী হিমাঙ্কু বৈশ্যক এককালীন দুহাজাৰ টকাৰ অৰ্থসাহায্য দিয়া হয়।
শিক্ষাৰ্থী সহায়
পাঞ্জাবৰ গুৰু গোবিন্দ ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা তেজপুৰৰ এজন ছাত্ৰ আৰু স্থানীয় দৰং কলেজত পঢ়া এগৰাকী পিতৃ-মাতৃহীন ছোৱালীক সংঘই আৰ্থিক সাহায্য প্ৰদান কৰে।
৫,০০০ টকা (প্ৰত্যেককে)অনাথ আশ্ৰমলৈ সাহায্য
তেজপুৰৰ 'নবপ্ৰভাত' নামৰ অনাথ আশ্ৰমলৈ পাঁচহাজাৰ টকাৰ এক অৰ্থ সাহায্য আগবঢ়োৱা হয়।
জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য শিবিৰ
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান
সংঘৰ দ্বাৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সহযোগত জ্যেষ্ঠ নাগৰিকৰ চিকিৎসা সেৱাৰ এটা সাতদিনীয়া শিবিৰ পতা হৈছিল। এই শিবিৰত প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা, বিভিন্ন প্ৰয়োজনীয় লেবৰেটৰী টেষ্ট, এক্সৰে, আল্ট্ৰাচাউণ্ড আদিৰ সেৱা আগবঢ়োৱা হয়।
অন্যান্য সাহায্য
- মেধাবী ছাত্ৰ শ্ৰীমান অংকুৰ দাসক দৰং মহাবিদ্যালয়ত পঢ়িবৰ বাবে ৫,০০০ টকা
- শাৰীৰিকভাবে বাধাগ্ৰস্ত ভাস্কৰ্য্য শিল্পী শ্ৰী ৰাতুমণি দাসে ৰাষ্ট্ৰপতিৰ পদক লবলৈ দিল্লীলৈ যাবৰ কাৰণে ৩,০০০ টকা
- 'নবপ্ৰভাত' অনাথ আশ্ৰমৰ পৰিচালক শ্ৰী বিদ্যুত শইকীয়াৰ আকস্মিক বিয়োগত ২,০০০ টকা
- প্ৰতিষ্ঠাপক সদস্য তথা প্ৰাক্তন সাধাৰণ সম্পাদক শ্ৰী অক্ষয় চন্দ্ৰ ডেকাৰ চকুৰ জটিল চিকিৎসাৰ বাবে ৫,০০০ টকা
চকুৰ ৰোগীৰ চিকিৎসা
বেছেৰীয়া, গৰৈমাৰী, মাজগাঁও
স্থানীয় শাখা শংকৰ নেত্ৰালয়ৰ সহযোগত বেছেৰীয়া, গৰৈমাৰী, মাজগাঁও আদি পঞ্চায়ত এলেকাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ভালেমান চকুৰ ৰোগীক কেটেৰেক্ট অষ্ট্ৰোপচাৰৰ বাবে গুৱাহাটীৰ শংকৰ নেত্ৰালয়ত বিনামূলীয়া চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
বান সাহায্য
সংঘৰ তৰফৰ পৰা তেজপুৰ মহকুমাৰ বানপীড়িত লোকৰ সাহায্যাৰ্থে ২০,০০০ টকা উপায়ুক্ত মহোদয়ৰ হাতত অৰ্পণ কৰা হয়।
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) সহায়
সংঘই দেশ তথা জাতিৰ স্বাৰ্থত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰপত্ৰ পূৰণৰ বাবে ১৮০ জন নাগৰিকক বহুতো জটিল প্ৰপত্ৰ পূৰণ আৰু ভগ্ন পৰিয়ালৰ কাৰণে প্ৰয়োজন হোৱা নথিপত্ৰ যোগাৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।
১৮০ জন নাগৰিকে লাভ কৰিলে সহায়সামাজিক আলোচনা চক্ৰ
মাৰ্চ মাহত সংঘৰ নেতৃত্বত তেজপুৰৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সামগ্ৰিক উন্নয়নৰ বিষয়সমূহ লৈ তেজপুৰৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিনিধিসকলৰ সৈতে সংঘৰ প্ৰাংগনত আলোচনা হৈছিল। প্ৰতিনিধিত্বমূলক এই সভাত অসম চৰকাৰৰ শক্তি আৰু ৰাজহ মন্ত্ৰী শ্ৰী পল্লৱলোচন দাস আৰু স্থানীয় বিধায়ক শ্ৰী বৃন্দাবন গোস্বামীয়ে ভাগ লৈছিল। এই সভাত গৃহীত হোৱা প্ৰস্তাৱসমূহ লৈ উপায়ুক্ত মহোদয়ক স্মাৰক পত্ৰ দিয়া হৈছিল আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই উপায়ুক্ত মহোদয়ে ২০০ কোটি টকীয়া উন্নয়ন আঁচনিৰ বিভিন্ন প্ৰস্তাৱ অনুমোদন কৰি চৰকাৰৰ ঘৰলৈ পঠিয়াইছিল।
বান সাহায্য
আগষ্ট মাহত হোৱা প্ৰলয়ঙ্কৰী বানৰ সময়ত সংঘই কলিয়াবৰ মহকুমাৰ বাঘজান, বৰভকতি, নাগশংকৰ, পোৰাভেটি, দ'লিবাৰী আদি গাঁৱত প্ৰায় পঞ্চাশ হেজাৰ টকাৰ অধিক মূল্যৰ সামগ্ৰীৰ সাহায্য আগবঢ়ায়।
৫০,০০০+ টকাৰ সাহায্যস্বচ্ছ ভাৰত অভিযান
২ অক্টোবৰত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযানৰ জনসচেতনতা বৃদ্ধিৰ বাবে সংঘই এক দৃশ্য শ্ৰাব্য ক্লীপ (audio visual clip) প্ৰস্তুত কৰিছিল। ক্লীপটোত স্বচ্ছ ভাৰত অভিযানৰ বিভিন্ন দিশ সামৰি লোৱা হৈছিল। প্ৰচাৰ পত্ৰ চহৰৰ বিভিন্ন ঠাইত বিতৰণ কৰাৰ উপৰিও শ্ৰাব্য ক্লীপ বজাই শুনোৱা হয়।
বৃক্ষৰোপণ অভিযান
প্ৰকৃতিপ্ৰেমী শ্ৰী সৌৰভ কুমাৰ বৰকটকীৰ সহযোগত সংঘৰ চৌহদ, বাণ থিয়েটাৰ, অঃভাঃউঃসাঃ, তেজপুৰ একাডেমী আৰু কলাগুৰু বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰত মূল্যবান গছপুলি ৰোপণ কৰা হয়।
বিভিন্ন স্থানত গছ ৰোপণঅসম আৰোগ্য নিধিলৈ বৰঙণি
অসম চৰকাৰৰ 'অসম আৰোগ্য নিধি' লৈ সংঘৰ তৰফৰ পৰা ত্ৰিশ হাজাৰ টকাৰ বৰঙণি আগবঢ়োৱা হয়।
৩০,০০০ টকাক'ভিড-১৯ ভেকচিন শিবিৰ
ক’ভিদ-১৯ৰ প্ৰতিষেধক ভেকচিন প্ৰদানৰ চৰকাৰৰ আঁচনিত সংঘৰ অৱদান অতি গুৰুত্বপূৰ্ণ আছিল ৷ শোণিতপুৰ জিলা প্ৰশাসনৰ অনুৰোধ মৰ্মে সংঘৰ প্ৰেক্ষাগৃহত ২০২১ চনৰ মে’ মাহৰ শেষৰ সপ্তাহৰ পৰা ১০ অক্টোবৰলৈ পাঁচমাহ কাল প্ৰায় ত্ৰিশ হাজাৰ ব্যক্তিক ভেকচিন প্ৰদান কৰা হয় ৷ এই গোটেই সময়চোৱাত সংঘৰ ন-পুৰণি ভালেমান সদস্যই স্বেচ্ছামূলক ভাবে সততাৰে সেৱা আগবঢ়ায় ৷